ঢেঁকী আৰু আমি !!!
,
উচনমাৰি কি ?
গুল কি ?
খুবলি কি ?
আষল শলাই , কঁতৰা, বঢ়নী, থোৰা আদিৰ বিষয়ে আলোচনা কৰো আহক ।
,
‘ঢেঁকী দে ‘ঢেঁকী দে অ’ মোৰে লাহৰী, ‘ঢেঁকীৰে চাবতে কঁপাই তোল চুবুৰি ..
‘'অচিন কাঠৰ থোৰা নলগাবা’ঢেঁকীথুৰীয়া, ঢেঁকীথুৰীয়া বুদ্ধি , ঢেঁকীথোৰা , ঢেঁকীশাল, ঢেঁকী সাপ ......
,
ঢেঁকীৰ মাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন বাসীন্দা সকলে ‘ঢেং কোলোচ’ বুলি কয়। অৱশ্যে এই ধৰণৰ শব্দৰ ব্যৱহাৰ দিনক দিনে কমি আহিব ধৰিছে। নাৰদৰ বাহন বুলি কোৱা হয় কিন্তু তেনেধৰণৰ কাহিনীবোৰ যিহেতু সৰ্বভাৰতীয় পৰ্য্যায়ৰ, সেয়েহে তাৰ বাখ্যা কেৱল অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিত্তিত দিয়া সমীচিন নহ’ব । মানৱ সভ্যতাৰ সভ্য স্তৰৰ আৰম্ভণিৰ পৰাই খাদ্যৰ বাবে বিভিন্ন মাহ, শস্য আদিবোৰ সৰু টুকুৰা,মিহি বা গুৰি কৰাৰ প্ৰয়োজন আহি পৰিছিল। লগতে ধান, মাহ আদিবোৰৰ বাকলি গুচাবৰ বাবেও সঁজুলীৰ প্ৰয়োজন হৈছিল। তেনেধৰণৰ প্ৰয়োজনবোৰ পুৰাবৰ বাবেই বহু প্ৰাচীন কালতেই উৰাল জাতীয় সঁজুলীৰ আৱিস্কাৰ হৈছিল। শ্ৰীকৃষ্ণৰ বৃত্তান্তটো উৰালৰ উল্লেখ আছে। ঐতিহাসীকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলটো উৰালৰ ব্যৱহাৰ বহু পুৰণী আৰু বৰ্তমানেও আছে। ঢেঁকী হৈছে উৰালৰ নিচিনা একেধৰণৰ কাম কৰিবৰ বাবে সৃষ্টি কৰা উৰালতকৈ পৃথক অথচ সহজ উপায়েৰে কাম সম্পন্ন কৰিব পৰা সঁজুলী। কৃষিৰ লগত ঢেঁকীৰ ওত: পোত সমন্ধ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকীৰ নিচিনাকৈ পৃথিবীৰ আন কোনো ঠাইত ইয়াক ইমান বহুলভাৱে ব্যৱহাৰ কৰা নহয়। ই ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ এক উল্লেখযোগ্য উপাদান। ঢেকী এই উপত্যকাটোৰ প্ৰাচীন বাসিন্দা সকলৰ অৱদান। ই এই সভ্যতাটোৰ সমাজ জীৱনৰো এক অংগ। ঢেকীক লৈ বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰাৰে এই অঞ্চলৰ লোকজীৱন জড়িত হৈ আছে।
,
ঢেঁকীৰ মূল অংগবোৰ হৈছে – থোৰা, গুল, খুবলি, ঢেঁকী ডাং ( উচানমাৰি), কঁতৰা, কঁতৰা মাৰি বা আসল শলা আদি। ইয়াৰ উপৰিও ঢেঁকীৰ লগত বহনি মাৰি থাকে। ঘৰত ঢেঁকী ৰখা ঠাই টুকুৰাক ঢেকীশাল বোলে। ঢেঁকীশালতে ঢেঁকীৰ লগত জড়িত আনুসংগিক বস্তুবোৰ সততে পোৱাকৈ ৰখা হয়। ঢেঁকীতো সাধাৰণতে নাহৰ কাঠ বা তেনে গধুৰ আৰু দীৰ্ঘমাদি গছৰ কাঠৰ পৰা তৈয়াৰ কৰা হয়। ঢেঁকীৰ ডাঙৰ দিশটোক ‘ঢেঁকী মূৰ’ আৰু সৰু দিশটোক‘ঢেঁকী নেজ’ বোলা হয়। নেজৰ অংশ ভৰিৰে ঢেঁকী দিবৰ বাবে সামান্য চেপেতাকৈ তৈয়াৰ কৰা হয়। থোৰাটো ঢেকীৰ মূৰৰ ফালে থাকে। ঢেকী পাতোতে এশাৰি প্ৰৱচন মানি চলা হয়। সেয়া হ’ল – ‘ ডেৰ, দুই, চাৰেতিনি, ঢেকী পাতিবা মনে জানি’ । ই ঢেঁকীটোৰ ভাৰসাম্য ৰাখিবৰ বাবে সম্পূৰ্ণ বিজ্ঞানসন্মত। থোৰাটো বনাবলৈও অতি উন্নত মানদণ্ডৰ কাঠহে ব্যৱহাৰ কৰা হয়। কিয়নো এনে নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। সেয়ে ‘অচিন কাঠৰ থোৰা নলগাবা’ বুলিও বহল অৰ্থবহ প্ৰৱচন আছে। ঢেঁকী থোৰাৰ আগ অংশত ধাতুৰ ‘গুল্’ লগোৱা হয়। খুবলিটো ঢেঁকীৰ মাটিত পুতি ৰখা অংশ যি ঢেঁকীটোৰ মূল অংশৰ লগত প্ৰতক্ষ্য ভাৱে সযুক্ত হৈ নাথাকে। খুবলিটো সাধাৰণতে ডাঙৰ আকাৰৰ কাঠৰ মাজ অংশত খোল দি তৈয়াৰ কৰা হয়। খুবলিটো প্ৰথমে মাটিত গাত খান্দি পুতি দিয়া হয় যাতে মাতিৰ সমান্তৰালকৈ ইয়াৰ ওপৰ পৃষ্ঠটো থাকে। বহু ঠাইত শিলৰ খুবলিও ব্যৱহাৰ কৰা হয়। এনেকুৱা বহুবছৰ পূৰণী খুবলি সংৰক্ষণ কৰাৰো প্ৰয়োজন আছে। খুবলিটোতে ধান, মাহ, চাউল অথবা অন্যান্য ঢেঁকীত খুণ্ডিব বা বানিব লগা বস্তুবোৰ দি লোৱা হয়। খুবলীৰ কাষৰ পৰা মাটি বা বালি বস্তুবোৰত মিহলি নহ’বৰ বাবে ডলা বা কুলা এখনৰ মাজত বৃত্তাকাৰে কাটি লৈ খুবলিৰ ওপৰত পাৰি দিয়া হয়। ঢেকী ডাং বাঁহেৰে তৈয়াৰ হয়। ইয়াক প্ৰয়োজনত ঢেঁকীতো খুবলীত নপৰাকৈ মূৰৰ ফালে ডাঙি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ঢেঁকীত বনা বা খুণ্ডা বস্তুবোৰ চালিবৰ সময়ত ঢেঁকীৰ মূৰৰ ফালে ডাং লগাই দি সেইবোৰ খুবলীৰ পৰা উলিওৱা হয়। ঢেঁকীৰ মূৰৰ ফালৰ অংশটো ডাঙিব পৰাকৈ নেজৰ ফালে ভৰি ৰখা ঠাইৰ পৰা কিছু আগত কটৰা পোতা হয় । কটৰা ইংৰাজী ‘H’ আখৰৰআৰ্হিত তৈয়াৰ কৰা হয় আৰু তলৰ অংশটো মাটিত পুতি ৰখা হয়। এনেকুৱা দুটা কতৰা ঢেঁকীটোৰ দুয়োফালে পুতি কটৰা দুটাৰ মাজত কটৰামাৰি সোমাই থাকিব পৰাকৈ ব্যৱস্থা কৰা হয়। কটৰা মাৰিডাল থোৰাৰ ১৮০ ডিগ্ৰী কোণ কৰি লগোৱা হয়। কটৰাত ঢেকীটো স্থায়ীভাৱে সংযুক্ত কৰি ৰখা নহয়। বহনি মাৰি হৈছে খাগৰি, বাঁহৰ শকত অচৰা অথবা আগ বাঁহৰ পৰা তৈয়াৰ কৰা এক দণ্ড। ইয়াৰ আগটোত পৰিস্কাৰ কাপোৰৰ এটা টোপোলা সুন্দৰকৈ বান্ধি লোৱা হয়। বহনি মাৰিৰ কাম হৈছে ঢেঁকী দি থাকোতেই নেজৰ ফালৰ পৰা ইয়াৰ সহায়ত খুবলিৰ পৰা আঁতৰি যোৱা বস্তুখিনি চপাই থকা। পুৰঠ আৰু দীঘল ইকৰাৰ পৰা উত্কৃষ্ট মানৰ বহনি মাৰি তৈয়াৰ কৰিব পাৰি। বহনি মাৰিদাল ঢেঁকীশালৰ বেৰত ওলোমাই ৰখা হয়।ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীয়ৰী বোৱাৰী প্ৰায় সকলেই ঢেঁকী দিয়াত নিপুণ। ঢেঁকীৰ গুমগুমনি শব্দৰ লগত সভ্যতাটোৰ আৱেগ অনুভুতি জড়িত হৈ আছে। ‘ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী, ঢেঁকীৰে চাবতে কঁপাই তোল চুবুৰৰ নিচিনা বহু বিহুগীত আধুনিক যুগতো সৃষ্টি হৈছে। ইয়াৰ উপৰিও ঢেঁকীৰ লগত বহুতো পুৰণী লোকবিশ্বাস আৰু পৰম্পৰা সাঙোৰ খাই আছে। যেনে খৰাং বতৰত বৰষুন আহিবৰ বাবে পথাৰৰ মাজত বা তেনে কোনো মূকলী ঠাইত ঢেঁকী এটা ওলোটাকৈ পুতি ৰাখিলে বৰষুণ আহে বুলি খেতিয়কৰ বিশ্বাস। ঢেঁকী দিওঁতে শৰীৰৰ ভাৰসাম্য ধৰি ৰাখিবৰ বাবে হাতেৰে ধৰি ল’ব পৰাকৈ জৰী এডাল ঢেঁকী নেজৰ ওপৰত ওলোমাই বান্ধি ৰখা হয়। ইয়াক ঢেঁকীজৰী বোলে। ঢেঁকীত ধান বনা, পিঠাগুড়ী, সান্দহগুড়ী, চিৰা খুণ্ডা আদিবোৰ কৰা হয়। ইয়াৰ উপৰিও মাহজাতীয় শস্যৰ বাকলি গুচোৱা, হালধী খুণ্ডা আদি কামবোৰো কৰা হয়। অসমীয়াৰ আত্মপৰিচয়ৰ অন্যতম উপাদান বিভিন্ন প্ৰকাৰৰ পিঠা সমূহ ঢেঁকীত খুণ্ডা পিঠাগুড়ীৰ পৰাই তৈয়াৰ কৰা হয়। বিহুৰ কিছুদিন আগৰে পৰা অসমীয়া গ্ৰাম্য সমাজত ঢেঁকীৰ মাতেই বিহুক আদৰণি জনায়। বৰ্তমান সমাজত ঢেঁকীত খুণ্ডা চাউল আৰু চিৰাৰ ব্যৱহাৰ সীমিত হৈ আহিছে। ঢেঁকীৰ ঠাই বিভিন্ন ধৰণৰ যন্ত্ৰই অধিকাৰ কৰিছে। তথাপি ঢেঁকীৰ এক সুকীয়া বৈশিষ্ট্য আছে। আধুনিক যান্ত্ৰিক যুগত ঢেঁকীৰ ব্যৱহাৰ কমি আহিছে আৰু ইয়াৰ সামান্তৰাল ভাৱেই ইয়াৰ লগত জড়িত থকা বিশ্বাস আৰু পৰম্পৰা বোৰৰো গুৰুত্ব কমি আহিছে। সেয়া যিয়েই নহওক ঢেঁকীৰ লগত আমাৰ এক বুজাব নোৱাৰা সম্পৰ্ক আছে আৰু ঢেঁকীক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ প্ৰয়োজনো আছে। লুপ্ত হৈ যাব ধৰা ঢেঁকী আৰু ইয়াৰ আনুসংগীক পৰম্পৰাবোৰেও যে আমাৰ সামজিক সাংস্কৃতিক পৰিচয় বহন কৰাত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে সেয়া আমি কেতিয়াও পাহৰি যোৱা উচিত নহ’ব। ঢেঁকী হৈ ৰওক আমাৰ সভ্যতাৰ এক চিৰযুগমীয়া অংগ।
,
আমালৈ লেখাটো আগব়ঢালে— উত্তম কুমাৰ বৰদলৈ ৷৷

Comments
Post a Comment